In an old, crumbling house, nine-year-old Tunu lives in the shadow of a cursed palm tree and the stories the grown-ups tell to keep children obedient: behave, or the Kankhowa will take you. But as the walls begin to breathe and buried family secrets rise to the surface, Tunu learns that the darkness he was warned about lives far closer to home, and that it is slowly changing him.
Drawing on the Bengali folk legend of the one-legged creature who preys on children, Sakyajit Bhattacharya turns a ghost story into a haunting study of grief, guilt, caste, and the cruelty hidden inside ordinary lives. Shortlisted for the JCB Prize for Literature 2024 in its English translation, Ekanore now arrives in Assamese, a literary horror novel that lingers long after the last page.
About the Author
১৯৮২ চনত জন্মগ্ৰহণ কৰা, পেছাত এজন পৰিসংখ্যাবিদ শাক্যজিৎ ভট্টাচাৰ্যই ২০০২ চনত মূলতঃ বাংলা লিটল মেগাজিনসমূহৰ জৰিয়তেই লেখক হিচাপে আত্মপ্ৰকাশ কৰে। বৰ্তমানলৈকে তেওঁ প্ৰায় ৪০ টা চুটিগল্প আৰু ৯ খন উপন্যাস ৰচনা কৰিছে। ‘এখানে ডেৰেক বোস আছে’, ‘একানড়ে’, ‘শেষ মৃত পাখি’ আৰু চুটিগল্পৰ সংকলন ‘ৰাক্ষসেৰ ঘৰবাৰী’ তেওঁৰ উল্লেখযোগ্য সৃষ্টি। কেথলিক কলা-সংস্কৃতিৰ লগতে ভৌতিক, ৰহস্যময়ী আৰু আপাতদৃষ্টিত অদ্ভুত বা বিচিত্ৰধৰ্মী সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ বিশেষ পাৰদৰ্শিতা পৰিলক্ষণীয়।
‘কাণখোৱা’ শীৰ্ষক অসমীয়ালৈ সদ্য অনূদিত তেওঁৰ ‘একানড়ে’ গ্ৰন্থৰ ঋতুপৰ্ণা মুখাৰ্জীয়ে কৰা ইংৰাজী অনুবাদ The One Legged অধুনালুপ্ত, সন্মানীয় জে চি বি সাহিত্য পুৰস্কাৰৰ চূড়ান্ত পৰ্যায়ৰ তালিকাত মনোনীত হৈছিল।
About the Translators
মনস্বিনী ৰুণুমী মহন্ত (ড° মনস্বিনী মহন্ত) গণসংযোগ আৰু সাংবাদিকতাৰ স্নাতকোত্তৰ আৰু চলচ্চিত্ৰ অধ্যয়ন ক্ষেত্ৰৰ পি এইচ ডি। উন্নয়নৰ বাবে (গণ) সংযোগ (Communication for Development)ৰ ক্ষেত্ৰত চুটিছবি নিৰ্মাণৰ কৰ্ম অভিজ্ঞতালব্ধ আৰু UN Womenৰ আন্তঃদেশীয় প্ৰকল্পলৈ নিৰ্বাচিত মহন্ত সম্প্ৰতি আকাশবাণী গুৱাহাটীৰ সহযোগী বাতৰি ব্যৱস্থাপক হিচাপে কৰ্মৰত। ‘চম্পাৱতীৰ ন-কৈ সজা ঘৰখন’ গল্প সংকলনখনৰ ৰচয়িতা মনস্বিনী ৰুণুমী মহন্তৰ গল্প ব্ৰিটিছ কাউন্সিলৰ পৃষ্ঠপোষকতাত Project Assamese শীৰ্ষক সন্মানীয় প্ৰকল্পৰ অংশ স্বৰূপে প্ৰকাশ পোৱা A Fistful of Moonlight সংকলনতো প্ৰকাশ পাইছে। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সৈতে অনুবাদ কৰ্মত নিয়োজিত আৰু ৰাষ্ট্ৰীয় অনুবাদ প্ৰকল্পৰ পঞ্জীয়নকৃত অনুবাদক মহন্তই ইয়াৰ পূৰ্বে তিলোত্তমা মজুমদাৰৰ বহুলপঠিত উপন্যাস ‘কায়দী’ অসমীয়ালৈ অনুবাদ কৰিছে। সম্প্ৰতি দৈনিক অসম আৰু দৈনিক জনমভূমি কাকতত পষেকীয়া স্তম্ভ লেখক মহন্ত, অসমৰ আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীসমূহৰ চিনাকি নাম। নাট্যকাৰ হিচাপেও পৰিচিত মহন্তৰ দ্বাৰা ৰচিত নাটক অসমৰ আগশাৰীৰ অ-পেছাদাৰী নাট্য মঞ্চ বাণ থিয়েটাৰ, যোৰহাট থিয়েটাৰ, ৰবীন্দ্ৰ ভৱন ইত্যাদিত পৰিৱেশিত হৈছে।
ৰ’দালি বৰুৱা বৰ্তমান দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰ তৃতীয় ষাণ্মাসিকৰ ছাত্ৰী। সৰুৰে পৰাই লেখাৰ প্ৰতি ৰুচি থকা বৰুৱাৰ বৰ্তমানলৈ “জীয়াই থকাৰ মালিতা” নামেৰে এখন অসমীয়া কবিতাপুথি আৰু “Spring at my Doorstep” নামেৰে ইংৰাজী কবিতাপুথি প্ৰকাশ পাইছে। তদুপৰি, অসমৰ বিভিন্ন কাকত-আলোচনীৰ তেওঁৰ নিয়মীয়া লেখক। লিখা-মেলাৰ উপৰিও বৰুৱা কুইজৰ লগত জড়িত। অসমৰ বিভিন্ন আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত কুইজৰ ক্ষেত্ৰত পদক পাইছে। এগৰাকী সুবক্তা হিচাপেও পৰিচিত বৰুৱাই জিলাভিত্তিক আৰু ৰাজ্যিক পৰ্যায়ৰ বক্তৃতা প্ৰতিযোগিতাত পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছে। দিল্লীস্থ সাহিত্য ক্ষেত্ৰৰ বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী প্ৰকল্পৰ সৈতেও তেওঁ সক্ৰিয়ভাৱে জড়িত।
About the Cover Designer
Reetuparna Dey is an Assam based watercolour Illustrator and comics artist, currently pursuing her PhD in English from Dibrugarh University. Her interests lie in anime, graphic novels, films, pop culture, queer studies and life at large. Music is her second love. She dreams of spending her life detached from society’s sensory overload, far away in a cottage, surrounded by sturdy houseplants and furry roommates. She has had her graphic narratives published in anthologies namely, (italics) Of Dry Tongues, and Brave Hearts ,That’s how Mirai Eats a Pomegranate(Dr. Namrata Pathak), Riverside Stories, etc. She has illustrated the front cover of Late Dr. Aparna Mahanta’s book, Times Winged Chariot. Her paintings have been featured in the webzine, Cafe Dissensus alongside the works of Easterine Kire, Dibyajyoti Sarma, Bipasha Bora, et al. She paints for clients pan India and abroad. Most of her paintings and other creative works can be found on her Instagram Handle, @bongs_comics.
Reviews
There are no reviews yet