et-loader

Ekantot Bonphul by Dr. Maitrayee Patar

249.00

32 people are viewing this product right now

‘Ekantot Bonphul’ is a collection of love poems written in Assamese. In the poems, love is expressed as a witness to an inherent melancholy that springs from the evolution of nature, civilization, power, and women.

In stock

Categories: Brand: Tags: ,
**Orders from Assam will take 10-14 working days to deliver the product.April 2, 2026 - April 13, 2026

Peek Inside

Ekantot Bonphul free sample
Author

Language

Format

Pages

128

ISBN

9789347571473

‘একান্তত বনফুল’ মৈত্রেয়ী পাটৰৰ তৃতীয় কাব্য সংকলন। সন্নিৱিষ্ট কবিতাসমূহৰ বিষয় প্রেম। এই প্ৰেমৰ আধাৰ অৱশ্যে প্রাপ্তি কিম্বা অপ্রাপ্তিৰ বোমাঞ্চ নহয় চিৰন্তন সময়ক প্রদক্ষিণ কৰি থকা প্ৰকৃতিৰ ক্ৰমবিবর্তিত ৰূপ, তাৰ বোধে প্রকৃতিৰ সন্তান নাৰীৰ চেতনাত জন্ম দিয়া সুখ অথবা দুখ, সভ্যতা তথা শক্তিৰ ব্যাপ্তিৰ সমান্তৰালকৈ মানুহৰ পৃথিৱীত ক্রমশঃ বাঢ়ি অহা অধিগ্রহণৰ তৃষ্ণা কিম্বা যুদ্ধকামনা এই কাৰকসমূহে মৈত্রেয়ীৰ প্ৰেমৰ কবিতাক দিছে এক সার্বজনীন বিষণ্ণতা তথা অপৰাধবোধ। কবিতাখিনিত সেয়ে প্রেম যদি কেতিয়াবা প্রথম নাৰীয়ে প্রকৃতিৰ শিল-বুকুত আঁকা ছবিৰ প্ৰথম আঁক, কেতিয়াবা সি বিষণ্ণ পৰ্বতৰ শিলাময় গাত ফুল বাছি থকা এটি বনপখী। তেনেদৰেই, কেতিয়াবা যদি প্রেম বিস্মৃতিৰ মাটিত পোত খাই যোৱা এটা আইনাব বৈয়াম, কেতিয়াবা আকৌ সি সময়- ভাগৰুৱা এজন তিনিমুৰীয়া বৃদ্ধৰ দৰে যি সাগৰতীৰত বহি বয়। ‘একান্তত বনফুল’ত পঢ়ুৱৈয়ে শব্দ, সুৰ আৰু মৌনতাক একেডাল সূঁতাৰে বন্ধা মৈত্রেয়ীৰ কবিতাৰ একাকী জগতখনৰ সন্ধান পাব।

About the Author

Dr. Maitrayee Patar

ড° মৈত্রেয়ী পাটৰৰ জন্ম ১৯৯০ চনত, নগাঁও, অসমত। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সমাজতত্ব বিষয়ৰ স্নাতক তথা স্নাতকোত্তৰ। ইউনিভাবচিটা গ্রান্ট কমিছনৰ পৰা জে.আৰ.এফ জলপাণিসহ টাটা ইনষ্টিটিউট অফ চচিয়েল চায়েন্সেচ, মুম্বাইৰ পৰা এম.ফিল তথা তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ।

পূর্বে প্রকাশিত কবিতাৰ সংকলন ‘মোৰ কলমৌ দিনৰ সোণালী বাট’ (২০১৫, বনফুল প্রকাশন) আৰু ‘ডিঙিত গজা পানী-মঙহ’ (২০২০, আঁক-বাক)। সম্পাদিত গ্রন্থ ‘তিরা সমাজ আৰু সাহিতা প্রতিভাৰ চানেকি’ (২০১৮, অসম প্রকাশন পৰিষদ)। কবিতা জার্মান, ইংৰাজী, হিন্দী, বাংলা, নেপালী তথা তিবা ভাষালৈ অনূদিত।

জার্মানীৰ গ’টে ইনষ্টিটিউটৰ (Goethe Institute) দ্বাৰা আয়োজিত আন্তর্জাতিক সংস্কৃতি বিনিময়ৰ আবাসিক কর্মশালা ‘Poets Translating Poets অসমীয়া ভাষাৰ নির্বাচিত কবি হিচাপে অংশগ্রহণ। বাংলা আলোচনী ‘কৃত্তিবাস’, ‘ভাষানগৰ’, ‘গুহালিপি’ আদিত অনুদিত কবিতা প্রকাশ। সাহিত্য অকাডেমি, ইন্ডিয়া টুডে’, এন্টানিম আদি প্রতিষ্ঠানৰ দ্বাৰা আয়োজিত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সাহিত্যানুষ্ঠানত অসমীয়া ভাষাৰ আমন্ত্রিত কবি হিচাপে অংশগ্রহণ। ২০২৪ চনব প্রথম নিৰু শৰ্মা পৰাজুলী সোঁৱৰণী সাহিত্য শিল্প বঁটা প্রাপক।

ভাবতীয় শাস্ত্রীয়, লঘু তথা সুগম সংগীতৰ প্রশিক্ষণপ্রাপ্ত কণ্ঠশিল্পী। আকাশবাণী গুৱাহাটী কেন্দ্র ‘যুববাণী’ৰ স্বীকৃত শিল্পী। ২০১২ চনত বাংলাদেশৰ যশস্বী শিল্পী সমবজিৎ বয়ৰ সৈতে দ্বৈত কণ্ঠত প্রথমটো বাণীবদ্ধ গীত মুক্তি। ২০১৭ চনত গীতিকাৰ ৰূপে আত্মপ্রকাশ। জনপ্রিয় সমসাময়িক তথ্য প্রগতিশীল সংগীতৰ বেশু ‘প্রজেক্ট বার্তালাপ’ৰ সহ স্রষ্টা, গীতিকাৰ তথা কণ্ঠশিল্পী। ‘অলকানন্দা’ গীতেৰে সমগ্র অসমতে আলোড়ন সৃষ্টি। বহুল সমাদৃত গীত ‘তাইৰ কথা’, ‘ফাগুনবে বা’, ‘মৌপিয়া’, ‘বার্তালাপা, ‘জাককরা’, ‘রূপহী চহৰ’, ‘অজানা’, ‘চুই চাই চমকি’, ‘অংকিতা’ আদিৰ স্রষ্টা। ২০২২ চনৰ ‘বিজু ফুকন ৰেকগ্‌নিচন এবার্ড’ তথা ২০২২ আৰু ২০২৪ চনৰ ‘বেগুনি মিউজিক এবার্ডছ’ত শ্রেষ্ঠ কণ্ঠশিল্পীৰ বঁটা প্রাপক।

 

Reviews

There are no reviews yet.

Be the first to review “Ekantot Bonphul by Dr. Maitrayee Patar”

Your email address will not be published. Required fields are marked

You have to be logged in to be able to add photos to your review.

Share this product with others

Facebook
WhatsApp
X

You May Also Like